♦ মেৰামতিৰ দাবী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

আব্দুল বাৰেক, বিহালীঃ পৰিৱৰ্তনৰ শ্ল'গান দি দিছপুৰৰ গাদী দখল কৰা পৰিৱৰ্তনকামী সৰ্বানন্দ  সোণোৱাল চৰকাৰখনৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে বিশ্বনাথ চাৰিআলি চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথে। 

ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে সফল মন্ত্ৰী বুলি সভা-সমিতিয়ে উদাত্ত কণ্ঠৰে দম্ভালি মাৰি ঘোষণা কৰাৰ সময়তে হিমন্ত বিশ্ব শৰ্মা যে এজন বিফল মন্ত্ৰী তাৰ জলন্ত প্ৰমাণ  বিশ্বনাথ চাৰিআলিৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো।

চৰকাৰৰ পৰিৱৰ্তন ঠিকেই হ’ল কিন্তু বাট-পথৰহে কোনো ধৰণৰ পৰিৱৰ্তন নহ'ল। বিশ্বনাথ  চাৰিআলি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰপৰা বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়া হৈ দ-গাঁওলৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ অৱস্থা অতিকৈ সুচনীয়। 

বাট-পথৰ দুৰৱস্থাৰ বাবে যাত্ৰী, পথচাৰী সকলোৱে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। বাট-পথৰ এনে দুৰৱস্থাৰ ফলত ইতিমধ্যেই কেইবাটাও পথ-দুৰ্ঘটনাও সংঘটিত হৈছে। কিন্তু কাণসাৰ নাই জিলা প্ৰশাসনৰ। ঘাইপথছোৱাত বৃহৎ বৃহৎ পুখুৰীসদৃশ গাঁত।

দিনে-নিশাই এই ৰাষ্ট্ৰীয় ঘাইপথেৰেই অহা যোৱা কৰে নেতা-পালিনেতাকে ধৰি বহু মন্ত্ৰী-বিধায়ক।  পুখুৰী সদৃশ গাঁতসমূহৰ মাজেদিয়েই অসমৰ মন্ত্ৰী-বিধায়ক অহা-যোৱা কৰে। দেখিও যেন চকু মুদা কুলিৰ ভাও ধৰিছে ৰজাঘৰীয়াসকলে।

বিশ্বনাথ সমষ্টিৰ স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰেও বাট-পথৰ মেৰামতিত গুৰুত্ব নিদিয়াৰ অভিযোগ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰে ৰাজ্যৰ গড়কাপ্তানি বিভাগটোৰ বিৰুদ্ধে ক্ষোভ  প্ৰকাশ কৰি কয় যে বিশ্বনাথ জিলাৰ মূল কেন্দ্ৰবিন্দু বিশ্বনাথ চাৰিআলি, নগৰৰ মাজেদি পাৰ হৈ যোৱা ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ মেৰামতিৰ বাবে  ৰাজ্যৰ বিয়াগোম গড়কাপ্তানি বিভাগৰ বিশ্বনাথ জিলা গড়কাপ্তানি বিষয়া, বিশ্বনাথ চাৰিআলিৰ পৌৰপতি ৰুলী শৰ্মাক ৰাষ্ট্ৰীয় ঘাইপথটো ৰাইজৰ সুবিধাৰ্থে পুণৰ মেৰামতিৰ বাবে দাবী জনাইছে।

ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ মেৰামতিৰ বাবে স্থানীয় ৰাইজেও বহুবাৰ দাবী জনোৱাৰ পাছতো ৰাইজৰ দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বিভাগটোৱে। ৰাষ্ট্ৰীয় ঘাইপথটোত থকা পুখুৰীসদৃশ গাঁতসমূহত পৰি কোনো দুৰ্ঘটনা সংঘটিত হ'লে চৰকাৰ তথা জিলা প্ৰশাসন জগৰীয়া হ’ব বুলিও কয় সংগঠনটোৱে।

সংগঠনটোৱে অতি শীঘ্ৰেই ৰাষ্ট্ৰীয় ঘাইপথটোৰ পুনৰ মেৰামতি কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনাইছে। অন্যথা চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ সহযোগত পথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব বুলিও সকীয়নি দিছে।