বিহালীঃ বিশ্বনাথ জিলা সাহিত্য সভাৰ অন্যতম শাখা কোমোৰাকাটি চৰ-চাপৰি শাখা সাহিত্য সভাৰ প্ৰথম অভিবৰ্তন অনুষ্ঠিত হয় বাঘমাৰী স্থিত মকবুল হুছেইন এম ই মাদ্ৰাছাত। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কোমোৰাকাটি চৰ-চাপৰি শাখা সাহিত্য সভাৰ সভাপতি আমিন হুছেইনে সভাপতিত্ব কৰা মুকলি সভা খনত বিশিষ্ট অতিথি হিচাপে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়া আৰু অসম সাহিত্য সভাৰ চৰ-চাপৰি ভাষা সাংস্কৃতিক বিকাশ উপ-সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ৰমিচা বেগমে।
এই অনুষ্ঠানতে কেইবাখনো কাব্যপুথি উন্মোচন কৰা হয়। খগেন মটকৰ আশাৰ পানচৈ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সমাজ সেৱক নুৰ চুলতানে। নুৰ হুছেইনৰ কহুৱা বনৰ এমুঠি শব্দ নামৰ কাব্যপুথিখন উন্মোচন কৰে বিশ্বনাথ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা তপন কুমাৰ ডেকাই আৰু পলস নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি হিৰণ্য হাজৰিকাই।