62
বিহালীঃ বিহালী সমষ্টিৰ অন্তৰ্গত ৰতোৱাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অকৰনীয় সেঁতুৰ দুয়োকাষে ভৰি পৰা জংঘলে ঘাইপথটোত বিপদাপন্ন কৰি তুলিছে।
হাবি-জংঘলেৰে ভৰি পৰাত যিকোনো মহূৰ্ততে আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত শনিবাৰে বিহালী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বাঘমৰা উন্নয়ন খণ্ডৰ সহযোগত চাফাই অভিযান চলোৱা হয়।