আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ যি সময়ত একাংশ ৰাজনৈতিক নেতাই নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ যোৱা ৭ এপ্ৰিল তাৰিখে বিশ্বনাথ চাৰিআলি সাপ্তাহিক বজাৰত একাংশ দুষ্কৃতিকাৰীয়ে চৌকত আলিৰ লগত সংঘটিত কৰা অমানৱীয়, বৰ্বৰ ঘটনাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছিল, ঠিক তেনে সময়তে সাম্প্ৰদায়িক শক্তিক মষিমূৰ কৰাৰ স্বাৰ্থত বিশ্বনাথত একত্ৰিত হ’ল ১০ টাকৈ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠন।
চৌকত আলিৰ এই বৰ্বৰ ঘটনাক লৈ ৰাজনীতি কৰাসকলক কঠোৰ সকীয়নি প্ৰদান কৰিছে বিশ্বনাথৰ ছাত্ৰ সংগঠনসমূহে। এই ঘটনাক বিভিন্ন দল-সংগঠনে একত্ৰিতভাৱে তীব্ৰ ভাষাৰে গৰিহণা জনাই মঙলবাৰে বিশ্বনাথৰ ১০ টাকৈ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰে ভুক্তভোগী চৌকত আলিক।