বিহালীঃ গোলাঘাট আৰু যোৰহাটত দেশীয় সুৰা সেৱন কৰি বিষক্ৰিয়া হৈ মৃত্যুবৰণ কৰা লোক সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে প্ৰতিবাদী নাগৰিক মঞ্চ, বিহালীৰ আহ্বানত বৰগাং চেন্টাৰত এক অনুষ্ঠান আয়োজন কৰা হয়।
প্ৰতিবাদী নাগৰিক মঞ্চ বিহালীৰ আহ্বানত সোমবাৰে বৰগাঙৰ বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ লগতে, স্থানীয় ৰাইজ, সাংবাদিক একত্ৰিত হৈ মৃতক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমগ্ৰ ঘটনাটোৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পদত্যাগৰ দাবী কৰে।