♦ বিদ্যালয়ত অনুপস্থিত হ'লে আবেদন দিব লাগিব বুলি ক'ত লিখা আছে বুলি দম্ভালি শিক্ষকৰ

আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অত্যন্ত শোচনীয় ফলাফল দেখুৱা বিশ্বনাথৰ বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষকৰ অসভ্যালিয়ে শুকুৰবাৰে লজ্জানত কৰিছে বিশ্বনাথৰ শিক্ষক সমাজক।

নিজ বিদ্যালয়ৰ শোচনীয় ফলাফল প্ৰদৰ্শন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত হতাশাত ভোগা শিক্ষকগৰাকীয়ে নিজৰ দুৰ্বলতা ঢাকিবলৈ আক্ৰমনৰ লক্ষ্য কৰি লয় এগৰাকী মহিলা সাংবাদিকসহ সংবাদকৰ্মীসকলক।

উল্লেখ্য যে বিশ্বনাথৰ বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মুঠ ১২৩ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাত্ৰ ১৬ জন ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হৈছিল। উক্ত বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত শুকুৰবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে সাংবাদিকৰ এটা দলক কিছু আলোচনাৰ বাবে বিদ্যালয়লৈ মাতি পঠিয়াইছিল। 

সাংবাদিকৰ দলটো বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতেই লজ্জাজনক ফলাফলৰ বাবে হতাশাত ভোগা মুক্ত জ্যোতি দাস নামৰ শিক্ষকজনে বিশ্বনাথৰ সাংবাদিকসকলক গুৱাল গালি পৰিবলৈ আৰাম্ভ কৰে। 

সভ্যতাৰ সীমা অতিক্ৰম কৰা শিক্ষক মুক্ত জ্যোতিয়ে তেওঁৰ উপস্থিতিত দ্বিতীয় বাৰৰ বাবে বিদ্যালয় চৌহদত সাংবাদিকে প্ৰৱেশ কৰিলে কথা বেয়া হ'ব বুলিও ভাবুকি প্ৰদান কৰে। ইফালে এগৰাকি মহিলা সাংবাদিকসহ সাংবাদিকৰ দলটোক কৰা এনে দুৰ্ব্যৱৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিশ্বনাথ জিলা সাংবাদিক সন্থা, বিশ্বনাথ জিলা আপকু আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে।

পূৰ্বে কেইবাটাও অভিযোগত অভিযুক্ত হোৱা শিক্ষক মুক্তজ্যোতি দাসৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সাংবাদিক সংস্থাসমূহে। তাৎপৰ্যপূৰ্ণ যে মুক্ত জ্যোতি দাস নামৰ শিক্ষকজন যোৱা ১৬ মে'ত বিদ্যালয়ত উপস্থিত নাছিল যদিও ছুটীৰ আবেদন কৰা নাছিল। এই সন্দৰ্ভত সাংবাদিকে তেওঁক প্ৰশ্ন কৰাত ছুটীৰ আবেদন দিব লাগিব বুলি ক'ত লিখা আছে বুলি দম্ভালি মৰাৰ লগতে এতিয়া নিয়ম সলনি হৈছে৷ এতিয়া ফোন যোগেও ছুটী মঞ্জুৰ কৰিব পাৰি বুলি ফিতাহি মাৰে। নিজকে সৎ আৰু আপোচ বিহিন বুলি পৰিচয় দিয়া শিক্ষা বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুক্ত জ্যোতি দাসৰ দৰে দাম্ভিক আৰু অসহিষ্ণু শিক্ষকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? 

নে দেশৰ ভৱিষ্যৎৰ নাগৰিক, বৰ্তমানৰ ছাত্ৰসকলৰ জীৱনক লৈ হেতালি খেলা এনেবোৰ শিক্ষকৰ প্ৰতি নৰম হৈ চৰকাৰী ধনৰে বিলাসী জীৱন অতিবাহিত কৰিবলৈ সুবিধা দিব সেইয়া আজিৰ তাৰিখত এক কোটি টকীয়া প্ৰশ্ন।