ডিজিটেল ডেস্কঃ গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচন শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হোৱাৰ লগে লগে ভোট গণনাও শান্তি পূৰ্ণ ভাবে অনুষ্ঠিত হৈ যায়৷ তাৰ মাজতে মাওবাদীয়ে মঙলবাৰে বিহাৰৰ এটা ৰেল ষ্টেছনত ভয়াবহ আক্ৰমণ চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মঙলবাৰে নিশা সন্দেহযুক্ত মাওবাদীৰ এটা দলে বিহাৰৰ মাচুদান ৰেলষ্টেছনত হঠাৎ আক্ৰমণ সংঘটিত কৰি ষ্টেছনৰ বিভিন্ন সা-সম্পত্তি জ্বলাই দিয়াৰ লগতে অতিৰিক্ত ষ্টেছন মাষ্টৰ সহ ৰে’লৱে বিভাগৰ দুই কৰ্মচাৰীক অপহৰণ কৰি নিয়ে৷