62
ডিজিটেল ডেস্কঃ বিতৰ্কৰে দেশৰ আটাইতকৈ চৰ্চাত থকা বিহাৰৰ শিক্ষা বিভাগটোৱে পুনৰ খাইছে মুখথেকেচা৷ মঙলবাৰে বিহাৰ ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক লৈ পুনৰ উত্থাপিত হৈছে প্ৰশ্ন৷
নকল কৰি শিক্ষাৰ্থীয়ে স্থান লাভ কৰাৰ বদনাম থকা নীতিশ কুমাৰৰ বিহাৰত বিগত বৰ্ষতকৈ এইবাৰ অৱনমিত হ’ল ফলাফল৷ ১২.৫ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা উক্ত পৰীক্ষাত বিজ্ঞান শাখাত ৩০.১১%, কলাত ৩৭.১৩% পৰীক্ষাৰ্থী উৰ্ত্তীণ হয়৷