বিহগুৰিঃ শোণিতপুৰৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰাৰ অবাধ প্ৰচলনে পুনৰবাৰ উদঙাই দিছে আৱকাৰী বিভাগৰ দায়িত্বহীনতা। এচাম সমাজ বিৰোধী লোকে জিলা আবকাৰী বিভাগ কিম্বা জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই সম্পূৰ্ণ অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই থকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্যে যে ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বেলশিৰিস্থিত হোটেল পাঞ্জাৱৰ দিশে এখোজ আগুৱাই গৈ বিদ্যালয়ৰ সন্মুখতে অবৈধ সুৰাৰ বেহা চলাই আহিছে যদিও সকলোবোৰ দেখি শুনিও ধৃতৰাষ্ট্ৰৰ ভাও দি আহিছে জিলা আৱকাৰী বিভাগ তথা স্থানীয় ৰাজহ চক্ৰ বিষয়া লিজা তালুকদাৰে।