Home ৰাজ্যনগাঁৱত ব’হাগী উৎসৱৰ চান্দা সংগ্ৰহৰ নামত পথচাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ

নগাঁৱত ব’হাগী উৎসৱৰ চান্দা সংগ্ৰহৰ নামত পথচাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ

by News Desk
55 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো পথকে পৃথকে ব’হাগী উৎসৱৰ উদযাপন কৰা হৈছে৷ ঘাইকৈ গ্ৰাম্য অঞ্চলত মুকলি ঠাই নিৰ্বাচন কৰি নানা কাৰ্যসূচীৰে ব’হাগী উৎসৱ উদযাপন চলাই অহা দেখা গৈছে৷ অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন উৎসৱ এনেদৰে পালন কৰাত কোনো আপত্তি কিম্বা বাধা নাই যদিও নগাঁৱৰ গ্ৰামাঞ্চলৰ একাংশ ব’হাগী উৎসৱ উদযাপন সমিতিয়ে লক্ষণীয়ভাৱে চান্দা সংগ্ৰহৰ নামত পথচাৰীক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাত সচেতন লোকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ ভাব বিয়পি পৰাৰ লগতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হৈছে৷

প্ৰধানকৈ গ্ৰামাঞ্চলত পথচাৰীক বাট আগচি ধৰি নানা প্ৰকাৰে জোৰ-জুলুমেৰে চান্দা আদায় কৰা কাৰ্য অবাধে সংঘটিত হৈ থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ মতে, গ্ৰাম্য অঞ্চলত গুৰুত্বপূৰ্ণ পথবোৰৰ ঠায়ে ঠায়ে যুৱক-যুৱতীৰ দলে বাট আগচি ধৰি নিবিঘ্নে বিভিন্ন যান-বাহনৰ আৰোহীৰ উপৰি কোনো কোনো ঠাইত খোজ কাঢ়ি যোৱা লোকৰ পৰাও ব’হাগী উৎসৱ অনুষ্ঠিত কৰাৰ নামত একোখনকৈ ৰছিদ প্ৰদানেৰে ধন সংগ্ৰহ কৰি আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0