বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজান ব্লক বাকৰিত ৩৩সংখ্যক বোকাজান কেন্দ্ৰীয় ব’হাগী উৎসৱ ১৩, ১৪ আৰু ১৫ মে’ত উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ সেই উপলক্ষে প্ৰাণজিৎ গগৈক সভাপতি, মণ্টু নাথক কাৰ্যকৰী সভাপতি, ৰুবুল দিহিঙীয়া আৰু ৰাকেশ বৰুৱাক যুটীয়া সম্পাদক ৰূপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়৷
কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা উদযাপন সমিতিৰ সভাপতি প্ৰাণজিৎ গগৈয়ে পতাকা উত্তোলন আৰু কাৰ্যকৰী সভাপতি মণ্টু নাথে স্মৃতি তৰ্পণ কৰিব৷ পুৱা দহ বজাত কণী যুঁজ, পিঠা, জলপান, গামোচা আদি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷