58
কোকৰাঝাৰঃ বালাজান তিনালী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আজি ৬২৩ নং বালাজান প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি বিহু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু আলফা (আলোচনাপন্থী) নেতা অনুপ চেতিয়াই।
উদ্বোধনৰ পিছতে আৰম্ভ হয় মুকলি বিহু। এই মুকলি বিহুৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ বাৰেবৰণীয়া কাৰ্যসূচী উপভোগ কৰি আপ্লুত হৈ পৰে হাগ্ৰামা মহিলাৰী আৰু অনুপ চেতিয়া।