Home ৰাজ্য১৬ মে’ত অনুষ্ঠিত হ’ব চকলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু

১৬ মে’ত অনুষ্ঠিত হ’ব চকলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু

by News Desk
55 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বৃহত্তৰ চকলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ অহা ১৬ মে’ত দিনজোৰা কাৰ্যসূচীৰে চকলাঘাট ৰাস মন্দিৰ প্ৰেক্ষাগৃহত উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে দেৱ কুমাৰ বৰাক সভাপতি, অতুল চন্দ্ৰ শইকীয়াক কাৰ্যকৰী সভাপতি, গিৰিকান্ত বৰাক সম্পাদক তথা বিকাশ বৰাক যুটীয়া সম্পাদক হিচাপে লৈ শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে৷

কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বিহুৰ পতাকা উত্তোলন, ৯.৩০ বজাত স্মৃতি তৰ্পণ আৰু ১০ বজাত পৰিবেশ সজাগতা-বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত দুপৰীয়া ১২ বজাৰ পৰা হুচৰি বিহু আৰু জেংবিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ক্ষীৰোদ কুমাৰ ৱৰুৱাই উদ্বোধন কৰিবলগীয়া প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰিব৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0