লংকা/হোজাইঃ হোজাই জিলাৰ দেৱী ভক্তই শনিবাৰে দুৰ্গা দেৱীক বিদায় দিয়ে৷ জিলা খনৰ কেবাখনো নৈৰ ঘাটত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়৷ হোজাই আৰক্ষী থানা এলেকাৰ যোগীজন আৰু নিলবাগানৰ বাহিৰে শনিবাৰে ৯০খন পূজা সমিতিয়ে দেৱী বিসৰ্জন দিয়ে। বতৰে বিধি পঠালি দিলেও মহিলা সকলে সেন্দুৰ খেলা কৰি ব্যাপক নিৰাপত্তাৰ মাজৰে বিয়লি দেৱী সমূহ ট্ৰাকত উঠাই নি ভক্তসকলে নৈৰ ঘাটত বিসৰ্জন দিয়ে। হোজাই চহৰ অধিকাংশ পূজা সমিতিয়ে কালিবাড়ীৰ ৰাজহুৱা পুখুৰীত দেৱী বিসৰ্জন দিয়াৰ উপৰিও শিৱবাড়ি, নতুন বজাৰ, ডিমৰু নৈৰ লগতে চিকাৰীগেটৰ দেৱী সমূহ স্থানীয় ৰাজহুৱা পুখুৰীত বিসৰ্জন দিয়ে।
দেৱী প্ৰতিমা বিসৰ্জন দিয়াৰ পুৰ্বে পূজা সমিতিৰ সমদলত স্থানীয় একাংশ ইছলাম ধৰ্মী লোকে সহযোগিতা কৰাৰ লগতে হোজাই বড় মছজিদ আৰু কবৰস্থানৰ সন্মুখত হোজাই ঈদ উদযাপন সমিতিৰ সদস্যসকলে দেৱী ভক্তক বিজয়াৰ শুভেচ্ছা যাচে। হোজাইৰ কিছু সংখ্যক পূজা সমিতিয়ে স্থানী পুখুৰীতে দেৱী বিসৰ্জন দিয়ে। বিগত দুৰ্গা পূজাৰ ষষ্ঠিত প্ৰতিষ্ঠা কৰা দেৱী প্ৰতিমা সমূহৰ ভিতৰত এখনক বাদ দি সকলোবোৰ দেৱী বিসৰ্জন দিয়াৰ প্ৰক্ৰিয়া সম্প্ৰতি চলি আছে যদিও হোজাই নতুন বজাৰৰ ইমা পানথৈবি স্থায়ী মন্দিৰৰ দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া চলা নাই।