লংকাঃ হোজাই জিলাৰ লংকাত বিগত কিছু দিনৰ পৰা মটৰ চাইকেল চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। শনিবাৰে নিশাও হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত নেতাজী ৰোডৰ পৰা এখন মটৰ চাইকেল চুৰি হয়৷
নিশা লংকা নেতাজী ৰোডৰ নেতাজী বিদ্যানিকেতনৰ সমীপৰ জনৈক বক্সি নামৰ লোকজনৰ ঘৰত ভাড়া থকা চক্ৰপতি মহন্ত নামৰ বেংক বিষয়া জনৰ AAS-02BA-6613 নম্বৰৰ ৰয়েল এণ্ডফিল্ড মটৰ চাইকেল খন বাসগৃহৰ তলা ভাঙি চোৰ কৰি লৈ যায়। বেংক বিষয়া জনে পিছত লংকা আৰক্ষীৰ এই বিষয়ে অৱগত কৰাত আৰক্ষীয়ে তদন্তৰ কাম আৰম্ভ কৰিছে।