কাৰ্বি আংলংঃ বোকাজান নগৰৰ ৭ নং ৱাৰ্ডৰ কৃষ্ণ নগৰৰ পৰা দেওবাৰে নিশা এখন মটৰচাইকেল চুৰি হোৱা ঘটনাই নগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুণীন হাজৰিকাৰ বাসগৃহত ভাড়াতীয়া হিচাপে থকা ডা০ শ্ৰীমন্ত বৰুৱাৰ মটৰচাইকেলখন বাসগৃহৰ চাৰিসীমাৰ ভিতৰৰ পৰাই নিশা চোৰে চুৰি কৰি নিয়ে৷
ঘটনাৰ বিৱৰণী মতে, ডা০ শ্ৰীমন্ত বৰুৱাই কাতি বিহু উপলক্ষে শিৱসাগৰৰ নিজা বাসগৃহলৈ যায় আৰু তেওঁৰ ভাড়াতীয়া কোঠাত একেলগে থকা ডা০ শিখৰজ্যোতি ভূঞাক নিজৰ নামত থকা এ এছ-০৪-এল-০৯২৪ নম্বৰৰ ৰঙা ৰঙৰ হিৰ’ কোম্পানীৰ এছিভাৰ মটৰচাইকেলখনৰ দ্বায়িত্ব দি যায়৷ ডা০ ভূঞাই কালি নিশা আহাৰ গ্ৰহণ কৰি প্ৰায় ১১-৩০ বজাত গেটত তলা লগাই আৰু মটৰচাইকলখনো কোঠাৰ বাহিৰত একাষে তলা লগাই ৰাখে৷