বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ গৌৰাংগ ব্ৰীজৰ নিলগত আন্দুৰঝাৰ ২য় খণ্ডত মৰাপাটৰ ট্ৰাকত জুই লাগি কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ।
প্ৰাপ্ত তথ্য মতে ভাৰতীয় মৰাপাট নিগম সীমিত বিলাসীপাৰাৰপৰা ভাৰত চৰকাৰৰ এটা সংস্থালৈ WB 23 C 2192 নম্বৰৰ গাড়ীখনত প্ৰায় দহ লক্ষাধিক টকাৰ মৰাপাট কলিকতা লৈ যোৱাৰ সময়ত মৰাপাট নিগমটোৰ মূল দ্বাৰৰ বিদ্যুতৰ তাঁৰৰপৰা জুই লাগে আৰু ট্ৰাকখনৰ চালকজন কৌশলেৰে ট্ৰাকখন আনি এটা পুখুৰীত পেলাই দিয়ে।