বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ গৌৰাংগ ব্ৰীজৰ নিলগত আন্দুৰঝাৰ ২য় খণ্ডত মৰাপাটৰ ট্ৰাকত জুই লাগি কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ।

প্ৰাপ্ত তথ্য মতে ভাৰতীয় মৰাপাট নিগম সীমিত বিলাসীপাৰাৰপৰা ভাৰত  চৰকাৰৰ এটা সংস্থালৈ WB 23 C 2192 নম্বৰৰ গাড়ীখনত প্ৰায় দহ লক্ষাধিক টকাৰ মৰাপাট কলিকতা লৈ যোৱাৰ সময়ত  মৰাপাট নিগমটোৰ মূল দ্বাৰৰ বিদ্যুতৰ তাঁৰৰপৰা জুই লাগে আৰু ট্ৰাকখনৰ চালকজন কৌশলেৰে ট্ৰাকখন আনি এটা পুখুৰীত পেলাই দিয়ে।

উল্লেখযোগ্য যে মৰাপাট নিগমৰ প্ৰবেশ দ্বাৰখনত বিদ্যুতৰ তাঁৰ ওলমি থকাৰ কথা কেতিয়াও অবগত কৰা নাই  বিদ্যুত বিভাগক। মৰাপাট নিগমটোৰ  আঞ্চলিক পৰিচালক লক্ষ্মীৰাম কছাৰী এই দুৰ্ঘটনাৰ দিনটোত অফিচত অনুপস্থিত থকা ঘটনাও চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰায় চাৰি ঘন্টা অপেক্ষাৰ পাছত উপস্থিত হল লক্ষ্মীনাথ কছাৰী। মৰাপাটৰ গাড়ীখনত জুই লগা, মৰাপাট নিগমটোৰ আঞ্চলিক পৰিচালক অনুপস্থিত, গাড়ীখন নিগমটোৰপৰা ওলাই আহি ৰাজপথৰ কাষৰ পুখুৰীত পেলাই দিয়া গোটেই ঘটনাটো ৰহস্যৰ আৱৰ্তত।

ভাৰত চৰকাৰৰ এটা সংস্থা হোৱাৰ উপৰিও আঞ্চলিক পৰিচালকৰ গাফিলতিৰ ফলত হোৱা ঘটনাৰ সঠিক তদন্ত হব নে নাই সেয়া লাক্ষটকীয়া প্ৰশ্ন।