newsnextoneবিলাসীপাৰা,৮ অক্টোবৰ:– ধুবুৰী জিলাৰ বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিৰ উদ্যোগত আগন্তুক দুৰ্গা পূজা উপলক্ষে বিলাসীপাৰা চহৰৰ ছাফাই কৰ্মীৰ মাজত বস্ত্র বিতৰণ কৰা হয়।
এই উপলক্ষে আজি বিয়লি তিনি বজাত বিলাসীপাৰা আম্বেদকাৰ ভৱন প্ৰাঙ্গণত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিলাসীপাৰা জেষ্ঠ নাগৰিক সন্থাৰ কাৰ্য্যকৰী সভাপতি শ্ৰীযুত দয়াল পাল ডাঙৰীয়াই। উক্ত সভাত বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক তথা বিলাসীপাৰা মহকুমা ৰেডক্রছৰ সভাপতি ডা: কানু লাল দাসে উপস্থিত থাকি ৩৪ গৰাকী ছাফাই কৰ্মীৰ মাজত বস্ত্র বিতৰণ কৰে। বস্ত্রৰ লগতে বস্ত্র চিলাই কৰাৰ খৰছো দিয়া হয় বুলি আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতি ৰ সাধাৰণ সম্পাদক ডাক্তাৰ দাসে সাংবাদিকক জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে প্ৰথম পৰ্য্যায়ত ৩৪ গৰাকী পুৰুষ মহিলা ছাফাই কৰ্মীৰ মাজত বস্ত্র বিতৰণ কৰা হয়।