জহিৰুল ইছলাম, বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ পঞ্চায়ত প্ৰতিনিধিত্ব সকলে MGNREGA আঁচনিৰ নামত আৰু হাট ঘাটৰ নামত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ ফলত ASSP আৰু সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন (AAMU)ৰ বিলাসীপাৰা জিলা সমিতিৰ যৌথ আহ্বানত সোমবাৰে নায়েৰ আলগা উন্নয়ন খণ্ডৰ চৌহদত দুই ঘন্টীয়া অৱস্থান ধৰ্ম ঘাট কাৰ্য্যসূচী ৰূপায়ণ কৰিবলগীয়া আছিল৷

সেই সন্দৰ্ভত( AAMU)ৰ প্ৰাক্তন সভাপতি ফজৰ আলী মণ্ডল আৰু বৰ্তমান (AAMSU)ৰ সভাপতি আব্দুল ওহাৱে প্ৰেছ-বিবৃতি আগমন কৰে। উল্লেখযোগ্য যে, (AAMSU)ৰ প্ৰাক্তন সভাপতি আৰু বৰ্ত্তমান(AAMSU )ৰ সভাপতি আব্দুল ওহাৱে প্ৰেছ বিবৃতি যোগে অৱগত কৰে যে আজি এই কাৰ্য্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত প্ৰশাসন বিভাগৰ ফালৰপৰা অনুমতি প্ৰ-পত্রখন নিদিয়াৰ ফলত উক্ত কাৰ্যসুচী ৰূপায়ণৰ বাতিল কৰিবলগীয়া হৈছে।

পৰৱৰ্তী সময়ত অনতি পলমে আকৌ নায়েৰ আলগা উন্নয়ন খণ্ডত পঞ্চায়ত প্ৰতিনিধিত্ব সকলে MGNREGA আঁচনিৰ কামত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ ফলত ASSP আৰু বিলাসীপাৰা জিলা সমিতিৰ আমচুৰ প্ৰাক্তন সভাপতি ফজৰ আলী মণ্ডল লগতে বৰ্তমান আমচুৰ সভাপতি  আব্দুল ওহাৱে প্ৰেছ- বিবৃতি যোগে জানিবলৈ  দিয়ে।