বিলাসীপাৰাঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৭ম মৃত্যু বাৰ্ষিকী বিলাসীপাৰাতো পালন কৰা হয়। পুৱা ১১ বজাত বন্তি প্ৰজ্জ্বলন কৰে বিলাসীপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভবানীধৰ শৰ্মাই। সুধাকণ্ঠৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে জ্যেষ্ঠ নাগৰিক তথা গোৱালপৰীয়া লোকগীতৰ ওস্তাদ আব্দুল কৰিম খানে।
ইয়াৰ পাছতে সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিৰ উদ্যোগত বিলাসীপাৰা আম্বেদকাৰ ভৱনত আলোচনা-চক্র অনুষ্ঠিত হয়। উক্ত আলোচনা-চক্ৰত সভাপতিত্ব কৰে বিলাসীপাৰা জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যকৰী সভাপতি তথা বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিৰ সভাপতি দয়াল পালে। উদ্দেশ্য ব্যাখ্যা কৰে ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ সভাপতি তথা বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক চিকিৎসক কানু লাল দাসে। মুখ্য অতিথি হিচাপে বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৃদয়ানন্দ দাস আৰু বিশিষ্ট অতিথি হিচাপে ড০ হৰিচৰণ দাসৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক ইউছুফ আলী আহমেদৰ উপৰিও বিলাসীপাৰা জ্যেষ্ঠ নাগৰিক সন্থাৰ সদস্য আৰু ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকি প্ৰয়াত হাজৰিকাদেৱৰ আদৰ্শৰাজি আলোকপাত কৰে।