ডিজিটেল ডেস্ক |বিলাসীপাৰাঃ কণমানি আনিছুৰ ৰহমানৰ হত্যা ৰ প্ৰতিবাদত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত তিনি ঘন্টীয়া গৌৰীপুৰ বালাজান ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হয়। জানিব পৰা মতে যোৱা ১১ অক্টোবৰত কোনো দুৰ্বৃত্তই কণমানি আনিছুৰ ৰহমান অপহৰণ কৰি লৈ যোৱা সন্দেহত পৰিয়ালৰ লোকে গোলকগঞ্জ আৰক্ষী থানাত গোচৰ তৰাত আৰক্ষীয়ে পাঁচ হাজাৰ মান ধন দাবী কৰে।

অতি দৰিদ্ৰ পৰিয়াল হোৱাৰ পাঁচ হাজাৰ টকা দিব নোৱাৰে। যাৰ ফলত থানাত গোচৰ ৰুজু কৰিব নোৱাৰিলে। দৰিদ্ৰ পৰিয়ালটো লৈ আৰক্ষী গাফিলতি কৰাত কনমানি আনিছুৰ ৰহমান উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। পাঁচ দিন অতিক্ৰম হোৱাৰ পাছত ১৬ অক্টোবৰ দিনা ধৰ্মশালাত 
হাবিত কনমানি আনিছুৰ ৰহমানৰ মৃত্যু দেহ উদ্ধাৰ হয়। 

কনমানি আনিছুৰ ৰহমানৰ হত্যা ৰ প্ৰতিবাদত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কনমানি আনিছুৰ ৰহমানৰ হত্যাকাৰীক কৰাস্ত কৰাৰ বাবে প্ৰশাসনক ২৪ ঘন্টা সময় সীমা বান্ধি দিয়ে। অন্যথা ইয়াত কৈ গণতান্ত্ৰিক ভাৱে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকিয়াই দিয়ে। 

উক্ত কাৰ্যসুচীত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি সম্পাদক নাজিমুল হক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সাধাৰণ সম্পাদক দেলোৱাৰ হুছাইনৰ নেতৃত্বত ডেৰ শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতি সদস্য সদস্যা সকলে উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে। পাছত কেইবাটাও দাবী সম্বলিত স্মাৰক পত্র ধুবুৰী জিলা আৰক্ষী অধিক্ষকৰ হাতত অৰ্পণ কৰে।