বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ১৮৯৪ নং শগুনমাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত যোৱা নিশা সৃষ্টি হল এক উত্তপ্ত পৰিস্থিতিৰ। প্ৰাপ্ত তথ্য মতে কেন্দ্ৰটোৰ স্বয়ং প্ৰিজাইডিং বিষয়াৰ বিৰুদ্ধে ৰিগিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।
কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়া আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে অভিযোগ একাংশৰ। প্ৰিজাইডিং বিষয়াজনে কেন্দ্ৰটোৰ ওচৰৰ কংগ্ৰেছ কৰ্মী এজনৰ ঘৰত বেলট পেপাৰৰ বহী লৈ যোৱাত ৰাইজে হাতে লোটে জব্দ কৰে তেওঁৰপৰা ৪ খন বহী। ঘটনাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে প্ৰিজাইডিং পোলিং বিষয়াৰ লগতে নিৰাপত্তা বাহিনীৰ জোৱানকো উত্তম-মধ্যম সোধায়।