বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ১৮৯৪ নং শগুনমাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত যোৱা নিশা সৃষ্টি হল এক উত্তপ্ত পৰিস্থিতিৰ। প্ৰাপ্ত তথ্য মতে কেন্দ্ৰটোৰ স্বয়ং প্ৰিজাইডিং বিষয়াৰ বিৰুদ্ধে ৰিগিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।

কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়া আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে অভিযোগ একাংশৰ। প্ৰিজাইডিং বিষয়াজনে কেন্দ্ৰটোৰ ওচৰৰ কংগ্ৰেছ কৰ্মী এজনৰ ঘৰত বেলট পেপাৰৰ বহী লৈ যোৱাত ৰাইজে হাতে লোটে জব্দ কৰে তেওঁৰপৰা ৪ খন বহী। ঘটনাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে প্ৰিজাইডিং পোলিং বিষয়াৰ লগতে নিৰাপত্তা বাহিনীৰ জোৱানকো উত্তম-মধ্যম সোধায়।

উক্ত ঘটনাৰ খবৰ পাই বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া, ভাৰপ্ৰাপ্ত বিষয়া, ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু দোষীক কৰায়ত্ব কৰি স্থানীয় আৰক্ষী চকীত লৈ আনে। উক্ত বিষয়াগৰাকীৰ বিষয়ে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষ্যনীয়।