64
বিলাসীপাৰঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উপ আৰক্ষী চকীৰ অন্তৰ্গত মায়াৰ চৰ গাঁও পঞ্চায়তৰ মায়াৰ চৰ ৩য় আৰু ৫ম খণ্ড গাঁৱৰ মুঠ ৬টা পৰিয়ালৰ ঘৰবাৰী ভয়াবহ অগ্নি কাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভূত হয়।
জানিব পৰা মতে শনিবাৰে দুপৰীয়া ১ মান বজাত নুৰ মহম্মদ আলীৰ গৃহৰপৰা অগ্নিকাণ্ড সংঘটিত হৈ ৬ টা পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে দহ লক্ষাধিক টকাৰ সা-সম্পত্তি আৰু এন আৰ চি, ভোটাৰ আইকাৰ্ড, মাটিৰ নথি-পত্ৰকে ধৰি যাৱতীয় নথি-পত্ৰ সম্পূৰ্ণৰূপে ভষ্মিভূত হয়।