বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্থ ছুৱাপাতা জ্ঞান পীঠ জাতীয় বিদ্যালয়ৰ উদ্যোগত শনিবাৰে বিয়লি ছুৱাপাতা মণ্ডল বজাৰ প্ৰাঙ্গণত বিশাল শিক্ষা সজাগতা সমাবেশ অনুষ্ঠিত হয়। উক্ত সজাগতা সভাৰ সভাপতিত্বত কৰে স্থানীয় সমাজ সেৱক ইউছুফ আলী আহমেদে।
উদ্দেশ্যে ব্যাখ্যা কৰে জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ শিক্ষা সজাগতা সমাৱেশৰ মুখ্য পৃষ্ঠপোষক সাংবাদিক বেল্লাল হুছেইনে। মুখ্য অতিথি হিচাপে আমি অসমৰ জনগণ কাকতৰ কাৰ্যবাহী সম্পাদক কিৰণ কুমাৰ গগৈ দেৱে উপস্থিত থাকি ভাষন প্ৰদান কৰে। তেওঁ ভাষন প্ৰসংগত কয় যে চৰাঞ্চলৰ মানুহে প্ৰকৃত অসমীয়া। তেওঁ আৰু কয় যে চৰাঞ্চলৰ মানুহে সচেতন হ’লেহে সচেতন সমাজ গঢ়ি উঠিব।