বিলাসীপাৰাঃ যোৱা ১৭ ডিচেম্বৰত ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্য্যলায়ত মায়াৰ চৰ গাওঁ পঞ্চায়তৰ নৱ নিৰ্বাচিত কাউন্সিলাৰ হাচিনা খাতুনৰ বিৰুদ্ধে অভিযোগ দাখিল তথা ভুৱা বাতৰি প্ৰচাৰ হোৱাত আজি এই বিষয়ক লৈ বিলাসীপাৰাত সংবাদ মেল অনুষ্ঠিত কৰা হয়। 

উক্ত সংবাদ মেলত মায়াৰ চৰ গাওঁ পঞ্চায়তৰ নৱ নিৰ্বাচিত কাউন্সিলাৰ হাচিনা খাতুনে কয় যে জন মানসিক সেয় প্ৰতিপন্ন কৰাৰ বাবে যি অভিযোগ তথা বাতৰি প্ৰকাশিত হৈছে সেয়া সম্পূৰ্ণ ভুৱা তথ্য বা ভিত্তিহীন। মোৰ মায়াৰ চৰত ঘৰবাৰী মাটি সম্পত্তি সম্পুৰ্ণ আছে। হয়, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই মোৰ মায়াৰ চৰ ৫ম খণ্ডত থকা ঘৰবাৰী মাটি সম্পত্তি নদীৰ বুকুত জাহ গৈছে। যাৰ পৰিপ্ৰেক্ষিতত এটা ঘৰবাৰী বিলাসীপাৰা কৃষ্ণ নগৰত কৰিছো যদিও এটা ঘৰ এতিয়াও মায়াৰ চৰত আছে। বৰ্তমান সেই ঘৰ মায়াৰ চৰ ২য় খণ্ডত অৱস্থিত৷ সেই ঘৰখনত মোৰ শাশু, মোৰ স্বামীৰ সৰু ভাই এজন থাকে।

আকৌ হাচিনা খাতুনে কয় যে সেই ঘৰখনত মই মাজে সময়ে তাত গৈ থকা মেলা কৰো। তাত মোৰ মাটি সম্পত্তি, ঘৰবাৰী, পকা শৌচালয় সম্পূৰ্ণ হৈ আছে। মোৰ ভোটৰ নাম মায়াৰ চৰ ৫ম খণ্ডত আছে। ভুল ক্রমে বিলাসীপাৰা পূৱ সমষ্টিৰ আনন্দ নগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তত ভোটৰ নাম উঠিছিল যদিও যোৱা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মোৰ নাম কটাৰ বাবে অনলাইন যোগে আবেদন দাখিল কৰা হৈছে। মোৰ সকলো তথ্য মজবুত আছে। তথাপিও মোৰ  প্ৰতিদ্বন্বিতা কেইবা গৰাকী প্ৰাৰ্থীয়ে মোৰ লগত নিৰ্বাচনত  পৰাজিত হৈছে। এতিয়া তেওঁলোকে মোৰ লগত পাগলামি কৰিব লগা হৈছে। আচলতে তেওঁলোকে ভোটত পৰাস্ত হৈ পাগল হৈছে। যাৰ পৰিপ্ৰেক্ষিতত মোৰ বিৰুদ্ধে ভুৱা অভিযোগ আনিছে। মোৰ লগত ৰাইজ আছে। ৰাইজে মোক বিপুল ভোটত মায়াৰ চৰ গাওঁ পঞ্চায়তৰ কাউন্সিলাৰ হিচাপে জয়যুক্ত কৰিছে। মোৰ বিৰুদ্ধে যি কেইজন পৰাজিত প্ৰাৰ্থী ক্রমে এ আই ইউ ডি এফৰ ওৱাজেদ আলী চৌধুৰী, নিৰ্দলীয় প্ৰাৰ্থী ফজলুল হক, ৰহিম বাদশা আৰু ইব্ৰাহিম আলীয়ে যি ভুৱা অভিযোগ বা যি অপপ্ৰচাৰ চলাইছে।

এনে অপপ্ৰচাৰত ভোল নাযাবলৈ খাতুনে ৰাইজক আহ্বান জনায়৷ যদি তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাগলামি কৰি থাকে তেনে হ'লে প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিব বুলি সকিয়াই দিয়ে পঞ্চায়তৰ কাউন্সিলাৰ হাচিনা খাতুনে৷