বিলাসীপাৰাঃ ৰাজ্যজুৰি জাতিধবংসী নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবীত আন্দোলন চলি থকা সময়তে এই বিধেয়কৰ বিৰুদ্ধে দেওবাৰে বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত প্ৰবীন শিক্ষাবিদ আযুব উদ্দিন আহমেদৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।
উক্ত সভাতে বিলাসীপাৰা শাখা সাহিত্য সভাৰ নেতৃত্বত দল সংগঠনৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত এখন প্ৰতিবাদী মঞ্চ গঠন কৰা হয়। এই প্ৰতিবাদী মঞ্চই অহা ৩০ জানুৱাৰীত বিলাসীপাৰাত সকলো জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।