বিলাসীপাৰাঃ বিজেপি চৰকাৰখনে পৰিবৰ্তনগামী চৰকাৰ বুলি যিমানেই ডাক-ঢোল বজাই থাকক বা নাথাকক কিয়? একাংশ বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিৰ দিশত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷
তাৰ জলন্ত উদাহৰণ বিলাসীপাৰা শিক্ষা বিষয়া ফুকন ৰাজৰ মইমতালিৰ ফলত ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৫৯ নম্বৰ দক্ষিণ বাহিৰ ছুৱাপাতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে বিভিন্ন ধৰণৰ অফিচিয়ালী কৰ্মৰত অজুহাত দেখুৱাই বিদ্যালয়খনত অনিয়মীয়া উপস্থিতি থকা আৰু ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়া আহাৰৰ ক্ষেত্ৰত ৪(চাৰি) মাহত ১০-১৫ দিন মান ছাত্ৰ-ছাত্ৰীক খুৱাই দায়িত্ব বিদ্যালয়খন প্ৰধান শিক্ষক দীপ জ্যোতি সাহাৰীয়াই।