বিলাসীপাৰাঃ সমগ্ৰ ৰাজ্য জুৰি চলি থকা যি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদ বুধবাৰে বিলাসীপাৰাতো প্ৰদৰ্শন কৰিলে বিভিন্ন দল সংগঠনৰ দ্বাৰা প্ৰায় দুই হাজাৰতকৈ অধিক প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিলে এই প্ৰতিবাদ কাৰ্যসূচী।
“অসমীয়াৰ হাহাকাৰ,
শুই আছে চৰকাৰ
এই চৰকাৰ নিপাত যাওক “
“ভোটৰ স্বাৰ্থত ধৰ্মীয় মেৰুকৰণ বন্ধ কৰক”
“অসম চৰকাৰ হায় হায়
কেন্দ্ৰীয় চৰকাৰ হায় হায় “
হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে বিলাসীপাৰাপাব্লিক খেলপথাৰৰপৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় লৈ ।