বিলাসীপাৰাঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সোমবাৰে বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 

উক্ত কাৰ্যসুচী অনুসৰি আজি ৰাতিপুৱা ৬ বজাৰৰপৰা আবেলি ৪ বজাত লৈকে বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদত আছুকে ধৰি ৩০ টা জনগোষ্ঠীয় সংগঠনে অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত ১০ ঘন্টীয়া অনশনত বহে।

যেতিয়া লৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বিল বাতিল নহয় তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব বুলি বিলাসীপাৰা আঞ্চলিক ছাত্ৰ-সন্থা সাধাৰণ সম্পাদক অবিনাশ শীলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক সকিয়াই দিয়ে। 

ইফালে, বিলাসীপাৰা মাজমজিয়াত CPI (M) বিলাসীপাৰা আঞ্চলিক কমিটিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ২ ঘন্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত প্ৰায় তিনি শতাধিক চি পি আই (এম)ৰ কৰ্মী সকলে অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিল বাতিল দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।