Home ৰাজ্যবিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ত ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী

বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ত ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী

by News Desk
A+A-
Reset
c7b1ff22-cf65-4d60-9b36-4457506e6ff5

বিলাসীপাৰাঃ সমগ্ৰ ৰাজ্যজুৰি ভাৰত সীমান্তৱৰ্তী সেনা বাহিনী হিচাবে নিযুক্তি পাই মহম্মদ ছানাউল্লাহে বিগত ৩০ বছৰ ধৰি ভাৰত সীমান্তৱৰ্তীত সেনা বাহিনীৰ চাকৰি কৰাৰ পিছত অৱসৰ গ্ৰহণ কৰে৷ মহম্মদ ছানাউল্লাই যদিও বৰ্তমান এতিয়া দেশী সেনা বাহিনীৰ কেপ্তেইন মহম্মদ ছানাউল্লাক বিদেশী সজাই অযথা হাৰাশাস্তি কৰা অসম চৰকাৰ হায় হায়, অসম চৰকাৰ গো ৱেক, আদিকে ধৰি ধ্বনি দি অসম চৰকাৰৰ বিৰুদ্ধে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমূল হক আৰু ধুবুৰী জিলা ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক আকতাৰ হুছাইনে আজি বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয় চৌহদত ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী সাব্যস্ত কৰে। 

উল্লেখ্য যে, দেশী মহম্মদ ছানাউল্লাক অনতি পলমে বিনাচৰ্তে মুক্ত কৰি দিব লাগে বুলি দাবী জনাই চৰকাৰক। লগতে মহম্মদ ছানাউল্লাক বিনাচৰ্তে যদি মুকলি কৰি নিদিয়ে তেন্তে প্ৰয়োজন সাপেক্ষে অনাগত দিনত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে  কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0