বিলাসীপাৰাঃ সমাজত একাংশ চিকিৎসকে অকল চিকিৎসাৰ মনোভাৱেৰে কাৰ্য সম্পাদন কৰে। সমাজৰ হকে সেৱা আগবঢ়াবলৈ হেপাঁহ জগা ব্যক্তিৰ অভাৱ পৰিলক্ষিত হৈছে যদিও এই ক্ষেত্ৰত ডাঃ কানুলাল দাস দেৱে গ্ৰহণ কৰিলে এক অন্যতম পদক্ষেপ।
প্ৰাপ্ত বাতৰি মতে, ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সময়ে সময়ে সামৰ্থ অনুযায়ী বিভিন্ন সহায়ৰ হাত আগবঢ়াই আহিছে সেয়া চহৰখনৰ অধিকাংশ ব্যক্তিয়ে অৱগত। আজি বিলাসীপাৰা চহৰৰ ৮ নং ৱাৰ্ডৰ ভৈৰৱগঞ্জত অৱস্থিত ব্যোম কেশ স্মৃতি কণমইনা জাতীয় বিদ্যালয়ত পানী যোগান ব্যৱস্থা আৰু হাত ধোৱা বেচিনৰ ব্যবস্থা সম্পূৰ্ণ নিজ ব্যয়েৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে ডাঃ কানুলাল দাস দেৱে।