বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ড৹ বি আৰ আম্বেদকাৰ ভৱন পৰিচালনা সমিতিৰ সম্পাদক তথা সুচিকিৎসক ডাঃ কানুলাল দাস দেৱৰ তত্বাৱধানত ভাৰতীয় ৰেডক্ৰছ চোছাইটিৰ বিলাসীপাৰা জিলা শাখাৰ উদ্যোগত ২৬,২৭, আৰু ২৮ ফেব্ৰুৱাৰীত তিনিদিনীয়া প্ৰাথমিক চিকিৎসা শিবিৰ আনুষ্ঠানিক ভাৱে শিক্ষা প্ৰদান কৰা হয় ।
উক্ত চিকিৎসা শিবিৰত অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থী অংশ গ্ৰহণ কৰে । জৰুৰীকালীন সেৱা,আহত হোৱা, জুইত পুড়ি যোৱা, পানীত পৰা ব্যক্তি সকলক প্ৰাথমিক শিক্ষাৰ সম্পূৰ্ণ জ্ঞান প্ৰদান কৰা হয় আৰু সুকীয়া কৈ ব্যৱহাৰিক ভাবে প্ৰদৰ্শন কৰি দেখুৱাই সম্পূৰ্ণ শিক্ষা প্ৰদান কৰে ডাঃ কানুলাল দাসে ।