
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ নায়েৰ আলগা শিশু সংহত কেন্দ্ৰৰ অন্তৰ্গত প্ৰায়বোৰ অংগনাৱাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম-দুৰ্নীতিয়ে গ্ৰাস কৰি পেলাইছে।
বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে দুৰ্নীতিয়ে চৰম সীমা অতিক্ৰম কৰা পৰিলক্ষিত হৈছে। অংগনাৱাড়ী কেন্দ্ৰসমূহৰ কোনো কোনোটোত যদি পাঠদান হোৱা নাই, আন একোটাত আকৌ কণ কণ শিশুৱে পোৱা নাই মধ্যহ্ন ভোজন।
চৰকাৰে কণ কণ শিশুসকলৰ নামত আগবঢ়োৱা সা-সামগ্ৰীৰ সমুদায় গো-গ্ৰাসে হজম কৰিছে কেন্দ্ৰসমূহৰ কৰ্মী-সহায়িকাসকলে।
তাৰ জলন্ত উদাহৰণ কাজাইকাটা বালাৰ গুদাম ৬৬ নং অংগনাৱাড়ী কেন্দ্ৰ আৰু ৮৮ নং অংগনাৱাড়ী কেন্দ্ৰ। কেন্দ্ৰ দুটাৰ কৰ্মীদ্বয় ক্ৰমে ফেৰোজা খাতুন আৰু আছমা খাতুনে চাকৰিৰ আৰম্ভণিৰেপৰা আজিলৈকে বছৰত এসপ্তাহ কণ কণ শিশুসকলক পাঠদান দিয়া নাই আৰু মধ্যহ্ন ভোজন আহাৰ যোগান ধৰা নজিৰ নাই বুলি ৰাইজে অভিযোগ কৰে।
ৰাইজেৰ অভিযোগ মতে চৰকাৰে দিয়া অংগনাৱাড়ী কেন্দ্ৰকেইটাৰ জৰিয়তে ৰাইজৰ একো উপকাৰ হোৱা নাই।