newsnextone.com | বিলাসীপাৰাঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজিও প্ৰতিবাদ অব্যাহত আছে৷ প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ আন আন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যজুৰি৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰা উত্তাল কৰে কংগ্ৰেছে।
বিলাসীপাৰা ৰাজীৱ ভৱনৰ পৰা বিধেয়ক খন বাতিলৰ দাবীত কংগ্ৰেছে উলিয়াই এক প্ৰতিবাদী সমদল৷ বিলাসীপাৰা, চাপৰ, মহামায়া আৰু নায়েৰ আলগা ব্লক কংগ্ৰেছৰ উদ্যোগত হিন্দু বাংলাদেশীক সংস্থাপন তথা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে কংগ্ৰেছে।