newsnextone.com | বিলাসীপাৰাঃ যোৱা ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এনে ঘটনা সংঘটিত হোৱাত অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হৈছে৷
যোৱা ৩০ ঘণ্টাত ৰঙিয়া-কামাখ্যা এক্সপ্ৰেছৰ পৰা যোৰহাট কৃষি মহাবিদ্যালয়ৰ মেধাৱী ছাত্রী ৰাধা কুমাৰী প্ৰসাদৰ লগতে অবধ আসাম এক্সপ্ৰেছত বুধবাৰে দিনৰ ২ বাজি ৩০ মিনিটত ডিব্ৰুগড়ৰ লালীমা দেৱীৰ মৃতদেহ উদ্ধাৰ হয়৷ দুয়োগৰাকী মহিলাৰ মৃতদেহ দুয়োখন যাত্ৰীবাহী ৰেলৰ টয়লেটৰ পৰা উদ্ধাৰ হয়৷