newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা বাঙালীপাৰাৰ যুৱ ব্যৱসায়ী ছফিকুল ইছলামক অপহৰণ কৰি হত্যা কৰাৰ ঘটনাই আজিও চাঞ্চল্যৰ সৃষ্টি কৰি আহিছে। যুৱ ব্যৱসায়ীৰ অপহৰণ কাণ্ড আৰু হত্যাকাণ্ডৰ আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ৰাইজ ক্ৰমান্বয়ে ৰাইজ সোচ্চাৰ হৈ পৰিছে।

তাৰ মাজতে শুকুৰবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৱে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে যেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল তেনেদৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে দুয়ো সংগঠনে।

বিলাসীপাৰাৰ বাংঙালীপাৰাত সংবাদ মেল অনুষ্ঠিত কৰি মূল হত্যাকাৰীক আৰক্ষী এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে। অপহৰণকাৰীয়ে অপহৰণ কৰাৰ পূৰ্বে ছফিকুলক দুটা মেছেজ প্ৰেৰণ কৰা বুলি কৈ মেছেজ সন্দৰ্ভত ছফিকুলৰ পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতোঁ মুল হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাতো লজ্জাৰ বিষয় বুলি কয় দুয়োটা সংগঠনে। প্ৰশাসনে ৩ আগষ্টৰ ভিতৰত আটাইকেইজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গণতান্ত্ৰিক ভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠন দুটাই।

উল্লেখ্য যে, যুৱ ব্যৱসায়ী ছফিকুল ইছলামক যোৱা ২৫ জুনত অপহৰণ কৰি নৃশংস ভাৱে হত্যা কৰিছিল আৰু আৰক্ষী ইতিমধ্যে তিনি জন হত্যাকাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।