newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা বাঙালীপাৰাৰ যুৱ ব্যৱসায়ী ছফিকুল ইছলামক অপহৰণ কৰি হত্যা কৰাৰ ঘটনাই আজিও চাঞ্চল্যৰ সৃষ্টি কৰি আহিছে। যুৱ ব্যৱসায়ীৰ অপহৰণ কাণ্ড আৰু হত্যাকাণ্ডৰ আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ৰাইজ ক্ৰমান্বয়ে ৰাইজ সোচ্চাৰ হৈ পৰিছে।
তাৰ মাজতে শুকুৰবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৱে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে যেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল তেনেদৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে দুয়ো সংগঠনে।