newsnextone.com| নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত পশ্চিম নলবাৰীৰ বেলসৰৰ বিল্বেশ্বৰ দেবালয়ত এইবাৰ ১০ দিনীয়া শাৰদীয় দূৰ্গাপূজা অহা ১০ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ বৃষ্টিত কাৰ্য সূচীৰে চলিব৷ পূজাৰ মহা নৱমীৰ দিনা ৪৯ টা ম'হ বলি দিয়া হ’ব বুলি আয়োজক সমিতিয়ে প্ৰতিবেদকক জানিব দিছে৷ ইতিমধ্যে আয়োজন কৰিবলগীয়া পূজা সমিতিৰ বাবে প্ৰবীন ডেকাক সভাপতি, অজিত বৰ্মন আৰু ৰাঘব ঠাকুৰীয়াক উপ-সভাপতি উৎপল ঠাকুৰীয়াক সম্পাদক হিচাপে লোৱা হৈছে৷ আনহাতে এইবাৰ পূজা আগবঢ়াব মুখ্যমন্ত্রী সহ কেইবাজনো মন্ত্রীয়ে৷

কাৰ্যসূচী অনুসৰি ১০ অক্টোবৰ পুৱা ছয় বজাত প্ৰতিপদাদি কল্পৰাম্ভ, শৈলপুত্ৰী, ৬.৩০ বজাত অভ্যাৰ্থনা অনুষ্ঠান, ৭.৩০ বজাত বলিদান, বিয়লি ০২.০০ বজাত স্তুতি পাঠ, শান্তি নিৰ্মালী প্ৰদান কৰা হ’ব৷ ১১ অক্টোবৰত শুক্লা দ্বিতীয় বিহিত ব্ৰহ্মচাৰিনী পূজা, ১২ অক্টোবৰত শুক্লা তৃতীয় বিহিত চণ্ডী ঘন্টা পূজা, আৰু গনেশ পূজা, ১৪ অক্টোবৰত শুক্লা পঞ্চমী বিহিত স্কন্দমাত পূজা, ১৫ অক্টোবৰত শুক্লাশষ্ঠী কাত্যয়নি পূজা, দিনৰ ১১ বজাত পৰম্পৰাগত ভাৱে দেবী আদৰণি যাত্ৰা, সন্ধিয়া ৬.০০ বজাত বন্তী প্ৰজ্বলন, দেবীৰ বোধন আমন্ত্ৰণ অাৰম্ভ হ’ব৷

আনহাতে কাৰ্যসূচীত মুখ্য বন্তী প্ৰজ্বলক ৰূপে অংশগ্ৰহন কৰিব মুখ্যমন্ত্রী সৰ্বানন্দ সনোৱাল৷ ইয়াৰ উপৰিও উক্ত অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী নৱকুমাৰ দলে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, অসম পৰ্যতন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, নিগমৰ উপাধ্যক্ষ নৱ দৱদ্বীপ কলিতা আদিয়ে অংশ গ্ৰহন কৰিব বুলি জানিব পৰা গৈছে৷ সেই নিশাৰ ৭.০০ বজাত মুখ্যমন্ত্রীয়ে স্মৃতিগ্ৰন্থ, মহামায়া, উন্মোচন কৰিব৷ 

আকৌ ১৬ অক্টোবৰত মহাসপ্তমী কালৰাত্রী পূজা,১৭ অক্টোবৰত মহা অষ্টমী মহাগৌৰী পূজা, ১৮ অক্টোবৰত মহানৱমী সিদ্বিদাত্রী পূজা, আৰু ১৯ অক্টোবৰৰ শেষৰ দিনা দেৱী বিসৰ্জন আৰু দশমী বিহিতপূজা হ’ব৷ ইতিমধ্যে সমিতিয়ে দেবালয় চৌহদ সজাই পৰাই সুশোভিত কৰাৰ লগতে ভক্তৰ বাবে বিশাল ভোজনালয়, বিশুদ্ধ খোৱা পানীৰ ব্যবস্থা, চিকিৎসা আদিৰ ব্যৱস্থাও কৰিছে৷

ইপিনে শান্তী ৰক্ষাৰ বাবে শতাধিক স্বেচ্চাসেৱক নিয়োগ কৰা হৈছে বুলিও মন্দিৰৰ দলৈ ৰঞ্জিত মিশ্ৰই জানিবলৈ দিছে৷ আনহাতে এইবেলি ৪৯ টা মহ বলি দিয়াৰ সময় সীমা বৰ্তমানলৈকে সমতিয়ে থিৰাং কৰা নায়৷ উল্লেখযোগ্য যে যোৱাবছৰ এই পূজাত ৪৩ টা মহ বলি দিয়া হৈছিল৷