newsnextone.com| নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত পশ্চিম নলবাৰীৰ বেলসৰৰ বিল্বেশ্বৰ দেবালয়ত এইবাৰ ১০ দিনীয়া শাৰদীয় দূৰ্গাপূজা অহা ১০ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ বৃষ্টিত কাৰ্য সূচীৰে চলিব৷ পূজাৰ মহা নৱমীৰ দিনা ৪৯ টা ম’হ বলি দিয়া হ’ব বুলি আয়োজক সমিতিয়ে প্ৰতিবেদকক জানিব দিছে৷ ইতিমধ্যে আয়োজন কৰিবলগীয়া পূজা সমিতিৰ বাবে প্ৰবীন ডেকাক সভাপতি, অজিত বৰ্মন আৰু ৰাঘব ঠাকুৰীয়াক উপ-সভাপতি উৎপল ঠাকুৰীয়াক সম্পাদক হিচাপে লোৱা হৈছে৷ আনহাতে এইবাৰ পূজা আগবঢ়াব মুখ্যমন্ত্রী সহ কেইবাজনো মন্ত্রীয়ে৷
কাৰ্যসূচী অনুসৰি ১০ অক্টোবৰ পুৱা ছয় বজাত প্ৰতিপদাদি কল্পৰাম্ভ, শৈলপুত্ৰী, ৬.৩০ বজাত অভ্যাৰ্থনা অনুষ্ঠান, ৭.৩০ বজাত বলিদান, বিয়লি ০২.০০ বজাত স্তুতি পাঠ, শান্তি নিৰ্মালী প্ৰদান কৰা হ’ব৷ ১১ অক্টোবৰত শুক্লা দ্বিতীয় বিহিত ব্ৰহ্মচাৰিনী পূজা, ১২ অক্টোবৰত শুক্লা তৃতীয় বিহিত চণ্ডী ঘন্টা পূজা, আৰু গনেশ পূজা, ১৪ অক্টোবৰত শুক্লা পঞ্চমী বিহিত স্কন্দমাত পূজা, ১৫ অক্টোবৰত শুক্লাশষ্ঠী কাত্যয়নি পূজা, দিনৰ ১১ বজাত পৰম্পৰাগত ভাৱে দেবী আদৰণি যাত্ৰা, সন্ধিয়া ৬.০০ বজাত বন্তী প্ৰজ্বলন, দেবীৰ বোধন আমন্ত্ৰণ অাৰম্ভ হ’ব৷