Home ৰাজ্যশিশুৰ বাবে লিখা নপূৰ মোমাইদেৱে আজিও লাভ কৰা নাই সাহিত্যিক পেঞ্চন

শিশুৰ বাবে লিখা নপূৰ মোমাইদেৱে আজিও লাভ কৰা নাই সাহিত্যিক পেঞ্চন

by News Desk
53 views
A+A-
Reset

newsnextone.com  | জাজৰিঃ শিশুৰ বৌদ্ধিক, মানসিক বিকাশৰ ক্ষেত্রত বিভিন্ন মনোৰঞ্জনধৰ্মী লেখাৰে ৭০ দশকৰ পৰা অসমৰ জনপ্ৰিয় কাকত আলোচনীত এক পৰিচিত নাম হৈছে ত্রৈলোক্য ভট্টাচাৰ্য৷ বিভিন্ন কাকত, আলোচনীত ধাৰাবাহিক ভাৱে গল্প, কবিতা আদি লেখাৰে জনপ্ৰিয়তা লাভ কৰা শিশু সাহিত্যিক নগাঁও হাতীচোং মৌজাৰ বাহ্মণগাঁও নিৱাসী ত্রৈলোক্য ভট্টাচাৰ্য অসমৰ বৌদ্ধিক তথা সাহিত্য জগতত নপূৰ মোমাইদেউ হিচাবেহে পৰিচিত৷ মঙলবাৰে শিশু সাহিত্যিকগৰাকীয়ে ৬৭টা বসন্ত পাৰ কৰে৷ 

সাহিত্যিক গৰাকীৰ ওপজা দিনত নগাঁও জিলা কবি সন্মিলন আৰু সোনাই পৰীয়া কবি সন্মিলনে শিশু তেখেতৰ বাহ্মণগাঁও স্থিত বাসগৃহত এক অনুষ্ঠানৰ আয়োজন কৰে। ৰৌদ্ৰোজ্বল আবেলিত দুৱৰিৰ দলিছা আৰু বিভিন্ন সুগন্ধি ফুলৰ মাজত শিশু সাহিত্যিক গৰাকীক আদৰণি বস্ত্র, গ্ৰন্থ, কলম আৰু এটি বৃক্ষৰ পুলিৰে ওপজা দিনৰ ওলগ জনোৱা হয়৷ ইফালে শিশু সাহিত্যিক ত্রৈলোক্য ভট্টাচাৰ্যই আজিও সাহিত্যিক পেঞ্চন নোপোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে উপস্থিতসকলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0