শিৱসাগৰঃ অাজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকা জন্মদিন। দেশ তথা ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে গৌৰীসাগৰতো অাজি বিশ্ব বিশ্ৰুত শিল্পীগৰাকীৰ জন্মদিন পালন কৰা হয়। জনপ্ৰিয় সংগীতশিল্পী মনোজ বড়াৰ নেতৃত্বত অাৰু গৌৰীসাগৰৰ ৩৮৪ নং মিতং নকটানি প্ৰাথমিক বিদ্যালয়, ৬৪ নং মাহৰা প্ৰাথমিক বিদ্যালয় অাৰু ১০৩ নং শিলিখাগুৰি প্ৰাথমিক বিদ্যালয়ৰ বিশেষ সহযোগত অাজি গৌৰীসাগৰৰ মাটিয়াবাট তিনিঅালিত সুধাকণ্ঠৰ জন্মদিনটো পালন কৰা হয়৷
কাৰ্য্যসুচী অনুসৰি পূৱা ৮ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰদ্ধা নিবেদন কৰে দিপালী ভৰালী, দেৱপ্ৰসাদ, অনিমা দত্ত অাৰু অামগুৰি শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সহায়ক মানস বড়াই। তাৰ পাছতেই স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ড° ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” শীৰ্ষক কালজয়ী গীতটো পৰিৱেশনেৰে মঞ্চ মুকলি কৰে।