ৰঙিয়াঃ শ্ৰীমন্ত শংকৰদৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নথ ডেকাৰ ৭৫তম জন্মদিনটো মঙলবাৰে ৰঙিয়া প্ৰেছ ক্লাৱৰ উদ্যোগত ৰঙিয়া ৰাইজ মেল কৃষক শ্বহিদ ভৱনত পালন কৰা হয়৷ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ জন্মদিন উপলক্ষ্যে অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে ৰঙিয়া প্ৰেছ ক্লাৱৰ সভাপতি অঞ্জন জ্যোতি পাটোৱাৰীয়ে৷
সভাখনত পদাধিকাৰগৰাকীৰ লগতে কমৰূপ জিলা সাহিত্য সভাৰ প্ৰক্তন সভাপতি ভৱনেশ্বৰ ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্ঠা ৰঞ্জন উপাধ্যায়, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস আৰু ৰঙিয়া ৰাইজমেল কৃষক শ্বহিদ ভৱনৰ সম্পাদক প্ৰবিন কলিতাৰ লগতে ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰাৰ্থ সাৰথি মহন্ত উপস্থিত থাকে।