কোকৰাঝাৰঃ বালাজান তিনালী অাঞ্চলিক বিষুৱা উৎসৱ পালন সমিতিৰ উদ্যোগত কাইলৈ অৰ্থাৎ ২২ এপ্ৰিলত বালাগাঁৱত অনুষ্ঠিত হ’ব কোচ ৰাজবংশীৰ জাতীয় উৎসৱ বিষুৱা। বিষুৱা উৎসৱ পালন উপলক্ষে ইতিমধ্যে বালাগাঁৱৰ লক্ষ্মী মন্দিৰ প্ৰাংগণৰ খেলপথাৰত প্ৰতিকূল বতৰকো নেওচি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অায়োজক সমিতিয়ে।
অায়োজক সমিতিৰ সভাপতি নৰসিংহ ৰায় অাৰু সম্পাদক গৌতম ৰায়ে সদৰী কৰা মতে কাইলৈ পুৱা ৮:৩০ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব। পতাকা উত্তোলনৰ পিছতে পুৱা ৯:০০ বজাত খেল-ধেমালি প্ৰতিযোগিতা মুকলি কৰিব বালাজান স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক নীলু ব্ৰহ্মই। ১ বজাত অনুষ্ঠিত হ’বলগীয়া বিষুৱা কুমাৰী প্ৰতিযোগিতা মুকলি কৰিব সদৌ কোচ ৰাজবংশী কোকৰাঝাৰ জিলা মহিলা সমিতিৰ সম্পাদিকা ৰূপেশ্বৰী ৰায়ে।