তামুলপুৰঃ শাসনাধীস্থিত বিজেপি চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণকে ধৰি নিৰ্বাচনৰ পূৰ্বে আগবঢ়োৱা প্ৰতিশ্ৰুতি সমূহ আজিও ৰক্ষা কৰিব পৰা নাই। বিজেপি চৰকাৰে বিশ্ব হিন্দু পৰিষদৰ দাবীসমূহ আওকান কৰাৰ লগতে বিশ্ব হিন্দু পৰিষদৰ একাংশ নেতাক সংগঠনৰ পৰা বহিস্কাৰ কৰা কাৰ্যৰ বাবেই বিশ্ব হিন্দু পৰিষদ বাদ দি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ নামৰ সংগঠন জন্ম দিব লগা হয়। হিন্দু সকলৰ স্বাৰ্থ আৰু অধিকাৰ বিজেপি চৰকাৰে ৰক্ষা কৰিব পৰা নাই। ভাৰতত এখন হিন্দু ৰাষ্ট্ৰ গঠন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আগবাঢ়ি আহিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ। -এই ভাষ্য আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাজ্যিক সভাপতি দীনেশ কলিতাৰ। 

বাগসা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত দেওবাৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাগসা জিলা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ উদ্দেশ্য বাখ্যা কৰি দীনেশ কলিতাই এইদৰে কয়। 

তামুলপুৰৰ স্থানীয় যুৱ সমাজকৰ্মী চন্দন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কলিতাই কয় যে বাংলাদেশী সকলক অসমৰ পৰা খেদাৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিও চৰকাৰে পালন কৰিব পৰা নাই। এতিয়ালৈকে মাত্ৰ ১৭ জন হিন্দু বাংলাদেশীক বিজেপি চৰকাৰে খেদি পঠিয়াইছে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংগঠনটোৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি অভিজিৎ ডেকাই কয় যে, বিজেপি চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণ নকৰি নিৰ্ব্বাচনী প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে। 

ডেকাই সংসদত আইন প্ৰনয়ন কৰি হিন্দু ধৰ্মৰ পবিত্ৰ তীৰ্থস্থান কাশী, মথুৰা আৰু অযোধ্যাৰ হিন্দুসকলক উভোতাই দিয়াৰ দাবী জনায়। গো হত্যা বন্ধ কৰাৰ বাবেও সংসদত ৰাষ্ট্ৰীয় আইন প্ৰনয়নৰ দাবী উত্থাপন কৰে অভিজিত ডেকাই। শাসনাধীস্থিত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি ডেকাই পুনৰ কয় যে, ভাৰতবৰ্ষত এজনো বাংলাদেশী মুছলিম থাকিব নোৱাৰে। 

সভাখনত বাগসা জিলা বজৰংগ দলৰ সভাপতি জিতেন তালুকদাৰ, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাগসা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ডেকা, ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাজ্যিক উপ-সভাপতি মহেশ্বৰ স্বৰ্গীয়াৰী, সদস্য দয়াল দাস আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাত চন্দন শৰ্মাক সভাপতি, প্ৰদীপ ডেকাক কাৰ্যকৰী সভাপতি আৰু নৰেশ্বৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাগসা জিলা সমিতিখন গঠন কৰা হয়। 

তদুপৰি জীতেন তালুকদাৰক সভাপতি আৰু দীনেশ ৰাজবংশীক সাধাৰণ সম্পাদক হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় বজৰংগ দলৰ বাগসা জিলা সমিতিখন গঠন কৰা হয়। উল্লেখ যে, ২০১৮ চনৰ ২৪ জুনত ডা০ প্ৰবীনভাই টোগড়িয়াৰ নেতৃত্বত নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ প্ৰতিষ্ঠা হয়।