আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ ৰাজ্যত অসম আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰতি দ্বায়বদ্ধশীল ব্যক্তিৰ অভাৱত দিনক দিনে বৃদ্ধি পাইছে জাতীয় সংকট৷ তদুপৰি ৰাজ্যৰ শিক্ষাৰ্থী সমাজে অধ্যয়নৰ লগতে জাতীয় জীৱনৰ উপৰিও জাতীয় সম্পদ ৰক্ষাৰ সংগ্ৰামখনো আগুৱাই নিব লাগিব অন্যথা জাতিৰ ভৱিষ্যৎ অন্ধকাৰ এই গুৰুত্বপূৰ্ণ মন্তব্যৰে কৰে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসমৰ সহকাৰী সম্পাদক দিৱ্যজ্যোতি বৰুৱাই৷
সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ জিনজিয়া আঞ্চলিক সমিতিৰ উদ্যোগত ২০১৯ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাৰ্তিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ উদ্দেশ্যে জিনজিয়া পঞ্চায়ত সভা কক্ষত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সংগঠনটোৰ জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি অৱতাৰ কুমাৰ তাঁতীয়ে সভাপতিত্ব কৰা সভাখনত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক কিছমত কৰ্মকাৰে।