আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিহালী বিধানসভা সমষ্টিত একাংশ পথ মেৰামতি আৰু নিৰ্মানৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপকভাৱে দুৰ্নীতিৰ আশ্ৰয় লোৱা অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা ঐতিহ্যমণ্ডিত গাংমৌথানলৈ যোৱা তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ পদুলি দি হৈ বিহালী প্ৰাথমিক চিকিৎসালয়, বিহালী মহাবিদ্যালয়, পশু চিকিৎসালয়, টেলেঙনীয়া, বটীয়ামাৰী, ৰাংছালী, বিহালী আৰক্ষী থানাহৈ পুৰণি গুটাম ঘৰ হৈ নাচবৰলৈ যোৱা এটা পথ বৰ্তমান মেৰামতিৰ কাম কৰি থকা দেখা গৈছে।