Home ৰাজ্যবিশ্বনাথ চাৰিআলি-গহপুৰ পথৰ মেৰামতি তৎকালে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

বিশ্বনাথ চাৰিআলি-গহপুৰ পথৰ মেৰামতি তৎকালে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

by News Desk
A+A-
Reset
dd4ac5eb-e76d-441d-b9b8-0daa91f11d0a

বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত শনিবাৰে জিলাখনত চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম তথা সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত এই বৈঠকত জিলাখনত চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ লেহেমীয়া অগ্ৰগতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক জবাবদিহি কৰা হয়।

মন্ত্ৰীগৰাকীৰ লগতে বিশ্বনাথ আৰু গহপুৰৰ বিধায়কদ্বয় ক্ৰমে প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰাই বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবে মেৰামতিৰ দায়িত্বত থকা কৰ্তৃপক্ষ আৰু দায়িত্বপ্ৰাপ্ত ঠিকাদাৰসকলক কঠোৰ ভাষাৰে সকীয়াই দিয়ে। উল্লেখযোগ্য যে, বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ নগৰৰ ভিতৰৰ অংশৰ লগতে বৰগাং, মাগনি আদি অংশত এই পথছোৱাৰ অৱস্থা অতিশয় বিধ্বস্ত হৈ পৰাৰ বাবে জিলাখনৰ ৰাইজে যথেষ্ট জীয়াতু ভূগিব লগা হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0