আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বানৰ তাণ্ডৱ। বানপানীৰ ফলত এতিয়া লাখ লাখ লোক গৃহহীন হৈ পৰিছে। খাদ্যৰ অভাৱত এতিয়া বহু বানাক্ৰান্তই লঘোনে ভোকে দিন কটাবলগীয়া হৈছে।
জিলা প্ৰশাসনে আশ্ৰয় শিবিৰ পাতি বানাক্ৰান্ত সকলক খাদ্যৰ যোগান ধৰিছে যদিও আশ্ৰয় শিৱিৰত নথকা অতি দৰিদ্ৰ বানাক্ৰান্তসকলে এতিয়াও চৰকাৰী খাদ্য পোৱা নাই। আনকি নিত্য ব্যৱহাৰ্য বহু সামগ্ৰীও পোৱা নাই বানাক্ৰান্তসকলে। যাৰ বাবে এতিয়া মানৱ দৰদী বহু ব্যক্তি তথা বিভিন্ন দল সংগঠন আগবাঢ়ি আহিছে উক্ত বানাক্ৰান্ত সকলক সহায় কৰিবলৈ।
যোগান ধৰিছে খাদ্য, দিছে মহিলা সকলৰ বাবে প্ৰয়োজনীয় চেনিটেৰী নেপকিন। বিশ্বনাথৰ হোটেল ৰয়েল পেলেচে শনিবাৰে বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰী, খেৰবাৰী আদি অঞ্চলৰ আশ্ৰয় শিৱিৰত নথকা বানাক্ৰান্তসকলক বিতৰণ কৰে খাদ্য সামগ্ৰীৰ লগতে মহিলা সকলৰ চেনিটেৰী নেপকিন।
বাঘমাৰীৰ এম আৰ এ ছিনিয়ৰ মাদ্ৰাছাত হোটেল ৰয়েল পেলেচৰ স্বতাধীকাৰ জয়ন্ত বৰা নিজেই উপস্থিত থাকি বানাক্ৰান্ত সকলক ছয়াবিন, বিস্কুটৰ লগতে অতি প্ৰয়োজনীয় ডেটল, ফিনাইল, চাবোন, আঠুৱা, ব্লিচিং পাউদাৰৰ লগতে মহিলা সকলক চেনিটেৰী নেপকিন বিতৰণ কৰে। আনহাতে, এনে ধৰণৰ সামগ্ৰী লাভ কৰি আনন্দিত হৈ পৰিছে বানাক্ৰান্তসকল।
চেনিটেৰী নেপকিন তথা ডেটল ফিনাইলৰ দৰে সামগ্ৰী আজিলৈকে পোৱা নাই বুলিও মন্তব্য কৰে বানাক্ৰান্তসকলে।