আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ সপ্তদশ লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিৰ বি জে পি দলৰ  পৰা নিৰ্বাচিত হোৱা প্ৰাৰ্থী পল্লব লোচন দাসক বিশ্বনাথ জিলা কংগ্ৰেছৰ তৰফৰ পৰা অভিনন্দন  ও শুভেচ্ছা জ্ঞাপন কৰিছে ।

এক প্ৰেছ বিবৃতিৰ জৰিয়তে  বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই জানিবলৈ দিছে। বিবৃতি খনত আৰু উল্লেখ কৰে যে ভাৰতবৰ্ষৰ দৰে এক বিশাল গণতান্ত্ৰিক দেশত সপ্তদশ লোকসভাৰ ফলাফল এক সুস্থ সবল আৰু এক সুস্থ প্ৰমূল্যবোধৰ লগতে জনতাৰ এই ৰায় নতশিৰে মানি লোৱা বুলি   কৈ বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ কুমাৰ বৰুৱাই নিৰ্বাচনৰ ফলাফলক মানি লৈ ভৱিষ্যত অনাগত দিনত বলিষ্ঠ ভাৱে বিৰোধীৰ ভূমিকা পালন কৰি যোৱাৰ দৃঢ়তা প্ৰকাশ কৰাৰ লগতে যিসকল ৰাইজৰ সহযোগত কংগ্ৰেছ দলে তেজপুৰ লোকসভা সমষ্টিত  যথেষ্ট প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হল, সেই সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন  কৰে বিবিশ্বনাথ জিলা কংগ্ৰেছে ।