বিশ্বনাথ চাৰিআলিঃ ঝাৰখণ্ডত সন্ত্ৰাসবাদী সংগঠনৰ হাতত মৃত্যু হোৱা অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ কাউৰী পথাৰৰ কাৰীবিল গাঁওৰ গোর্খা সম্প্ৰদায়ৰ এছ এছ বি জোৱান নীৰজ ছেত্ৰীৰ মৃত্যুত বিশ্বনাথ জিলা কংগ্ৰেছে গভীৰ শোক প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে। বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ ও সম্পাদক তুষাৰ বৰাই বিবৃত্তি খনত উল্লেখ কৰিছে যে ঐতিহ্যমণ্ডিত বিশ্বনাথ জিলাৰ অতীজৰে পৰা বহু বীৰ বীৰঙ্গনাৰ নাম সোণালী আখৰেৰে অসমৰ ইতিহাসত উজ্জ্বলি আছে আৰু তাৰ এক অন্য সংযোজন হ’ল কাৰীবিল গাঁওৰ নীৰজ ছেত্ৰী।
সন্ত্ৰাসবাদী সংগঠন মাওবাদী সকলৰ হাতত সমুখ সমৰত নিহত হোৱা শ্বহীদ নীৰজৰ স্মৃতিত বিশ্বনাথবাসীৰ লগতে অসমৰ সমূহ ৰাইজৰ চকুত চিৰস্মৰণীয় হৈ ৰ’ব বুলি বিজ্ঞপ্তি খনত উল্লেখ কৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰে।