49
বিহালীঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত মঙলবাৰে আয়োজিত এক বিশেষ অনুষ্ঠানত জিলাখনৰ জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
এগৰাকী দক্ষ প্ৰশাসনিক বিষয়াৰূপে সুনাম থকা অসম অসামৰিক সেৱাৰ বিষয়াগৰাকীয়ে বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্তৰূপে সুদীৰ্ঘ কাল সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰশাসনীয় যিকোনো জটিল সমস্যাৰ তাৎক্ষণিক আৰু বস্তুনিষ্ঠ সমাধানৰ ক্ষেত্ৰত তেওঁৰ দক্ষতা আছিল অতুলনীয়।